Copy  কৰা হৈছে-
(১) আপোনাৰ সন্তানক ধনী হবলৈ শিক্ষা নিদিব, তেওঁলোকক সুখী হোৱাৰ শিক্ষা দিয়ক ৷ কাৰণ, তেওঁলোক যেতিয়া ডাঙৰ হব তেতিয়া তেওঁলোকে বস্তুৰ মূল্য বুজি পাব, দাম নহয় ৷
.
(২) খাদ্যক আপোনাৰ ঔষধ হিছাপে ব্যৱহাৰ কৰক ৷ নহলে আপুনি ঔষধক খাদ্য হিছাপে ব্যৱহাৰ কৰিব লাগিব ৷
.
(৩) যি আপোনাক ভাল পায় তেওঁ আপোনাক কেতিয়াও ত্যাগ কৰিব নোৱাৰে ৷ যদিও আপোনাক ত্যাগ কৰাৰ এশটা কাৰণ আছে, তেওঁ আপোনাৰ কাষত থকাৰ এটা কাৰণ বিছাৰি লব ৷
.
(৪) মানৱ আৰু মানৱীয় গুণৰ মাজত বহু পাৰ্থক্য আছে ৷ বহু কম লোকেহে এয়া উপলদ্ধি কৰিব পাৰে ৷
.
(৫) আপোনাৰ যেতিয়া জন্ম হৈছিল আপোনাক সকলোৱে মৰম কৰিছিল ৷ আপোনাৰ যেতিয়া মৃত্যু হব তেতিয়াও সকলোৱে আপোনাক মনত পেলাব ৷ মাজৰ সময়চোৱা আপুনি কেনেকৈ পাৰ কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব ৷
.
(৬) যদি আপুনি খৰকৈ খোজ কাঢ়িবলৈ বিছাৰে, অকলেই খোজ কাঢ়ক ৷ যদি আপুনি খোজ কাঢ়ি বহু দুৰ অতিক্ৰম কৰিবলৈ বিছাৰে তেনেহলে লগে-ভাগে খোজ কাঢ়ক ৷
.
(৭) পৃথিৱীৰ ছয়জন আটাইতকৈ ভাল ডাক্তৰ হৈছে- সূৰ্যৰ পোহৰ, পৰিমিত বিশ্ৰাম, শাৰীৰিক ব্যায়াম, সুষম আহাৰ, আত্মবিশ্বাস আৰু বন্ধু ৷ জীৱনৰ প্ৰতিটো স্তৰতে এইকেইটাৰ লগত সমতা ৰক্ষা কৰক, জীৱন সুখৰ হব ৷
.
(৮) যদি আপুনি জোনটোলৈ চায় তাত ভগৱানৰ সুন্দৰতা দেখা পাব ৷ যদি আপুনি বেলিলৈ চায়, তাত ভগৱানৰ শক্তি দেখা পাব ৷ যদি আইনাত নিজকে চায়, ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি দেখা পাব ৷ সেয়েহে নিজৰ ওপৰত সদায়ে বিশ্বাস ৰাখক ৷
.
(৯) আমি সকলো পৰ্যটক আৰু ভগৱান হৈছে আমাৰ ট্ৰেভেল এজেণ্ট ৷ যিজনে আমাৰ বাবে যাত্ৰাপথ, জিৰণি ঘৰ আৰু গন্তব্যস্থল ঠিক কৰি থৈছে ৷ তেওঁৰ ওপৰত বিশ্বাস ৰাখক আৰু “জীৱন” নামৰ যাত্ৰাকাল উপভোগ  কৰক ৷     ☘☘☘☘☘☘নিজে সুখী হওঁক আৰু আনকো সুখত থাকিবলৈ দিয়ক।।।।।।

Comments